বিষ্ণুপ্ৰসাদ ৰাভাৰ সাহিত্যত সমাজ - চেতনা

     অসমীয়া জাতীয় জীৱন আৰু কলা-শিল্প - সংস্কৃতিৰ   চিৰপ্ৰোজ্বল  এটি  বিৰল  ব্যক্তিসত্বা  হ'ল -   কলাগুৰু   বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ  সকলো   জাতি, সকলো ভাষা - ভাষী  লোকৰ  বাবেই  অতি    আদৰৰ  নাম নিজ  চকুৰে  প্ৰত্যক্ষ  নকৰিলেও  যেন প্ৰত্যেকৰে এজন অতি পৰিচিত আপোন মানুহ।সব্যসাচী ৰাভাৰ পৰিচয় মিহলি হৈ আছে  বৰ্ণিল  অসমৰ  কলা-   কৃষ্টি - সংস্কৃতিৰ চহকী পথাৰখনত,  অসমৰ  ৰসাল   মাটিত, নিপীড়িত জনগণৰ মুক্তিৰ স্বপ্নত।                                                   গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই সংগ্ৰাম কৰিছিল সমাজৰ দুৰ্গত জনৰ বাবে। তেওঁৰ অন্তৰাত্মাত প্ৰবাহিত হৈ আছিল এখন সাম্যবাদী সমাজ প্ৰতিষ্ঠাৰ সপোন। তেওঁ অসমীয়া সমাজখন শোষণহীন, শ্ৰেণীহীন কৰি  গঢ়ি  তুলিবলৈ  আৰু  অসমীয়া  জাতিক  স্ব- নিৰ্ভৰশীল  কৰি  তুলিবলৈ  ৰাজনৈতিক  কাম - কাজ, সাম্যবাদী দল - সংগঠনৰ কাম- মাজতো নামি পৰিছিল। তেওঁ  নিজ  আদৰ্শত  ইমানেই  অটল  আছিল  যে পৈত্ৰিকসম্পত্তি হিচাপে পোৱা বিশাল জমিদাৰী মাটি দুখীয়া  কৃষকক  বিলাই  দি  নিজে  অঘৰীৰ  দৰে জীৱনযাপনকৰিছিল। তেওঁৰ প্ৰায়বোৰ গীতত তেওঁৰ আদৰ্শই প্ৰতিফলিত হৈছে। তেওঁৰ গোটেই জীৱনৰ কৰ্ম আৰু আদৰ্শৰ উমান পাব পাৰি জীৱনৰ শেষ সময়ত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ৰাজ্যিক পৰিষদলৈ লিখা এখন চিঠিৰ মাজেদি। চিঠিখনৰ এঠাইত তেওঁ লিখিছে -" ১৯৪৫ চনৰ পৰা ৰাইজৰ মাজত জঁপিয়াই পৰি বহু সভা- সমিতিৰ যোগে ৰাইজৰ প্ৰতি মোৰ কৃতজ্ঞতা যাচিলোঁ। তেতিয়াৰ পৰাই ভাৰতৰ বিপ্লৱী সাম্যবাদী দলৰ লগত থাকি মাৰ্ক্সীয় দৰ্শন, মাৰ্ক্সীয় অৰ্থনীতি, দ্বন্দ্ববাদৰ লগত পৰিচিত হৈ আৰু লেনিনবাদৰ সম্যক জ্ঞানৰ উপলব্ধিৰ আশাত, প্ৰকৃত কমিউনিষ্ট হোৱাৰ আশাত ৰাইজৰ হিয়াৰ আমঠু, ৰাইজৰ লগত মিলিজুলি ৰাইজক মাৰ্ক্সীয় দৰ্শনৰ প্ৰতি উদ্বুদ্ধ কৰাৰ কাৰণে নিজৰ সকলো শক্তি নিয়োগ কৰোঁ... তেতিয়াৰ পৰাই বিশ্বভ্ৰাতৃত্বৰ শ্ৰমিক, কৃষক, সৃষ্টিকাৰী জনতাৰ শান্তি- প্ৰগতিৰ কাৰণে আৰু নতুন সমাজৰ সাধনাত মোৰ ক্ষুদ্ৰ শক্তিৰে দুখকাৰীজনসাধাৰণৰ পাৰ্টি কমিউনিষ্ট পাৰ্টিৰ সভ্যৰূপে ৰাইজৰসেৱা কৰি আহিছোঁ।"( দাস, যোগেশ (সম্পা.) বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ.পৃ.১৫৯২) । 

            বিষ্ণুপ্ৰসাদ ৰাভা ৰাজনৈতিকভাৱে আছিল মাৰ্ক্সবাদী। তেওঁ সমাজৰ নি:স্ব- অৱহেলিত, শোষিত শ্ৰেণীৰ মুক্তি, অৰ্থনৈতিক স্বাধীনতা বিচাৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ দিনাই সেই স্বাধীনতাক মিছা বুলি তেওঁ সাম্যবাদী দলত যোগ দিছিল। গণতন্ত্ৰৰ নামত চলা পুজিবাদী  শাসন  ব্যৱস্থাই  যে  সাধাৰণ  জনতাক অৰ্থনৈতিক স্বাধীনতা দিব নোৱাৰে তাক তেওঁ বুজিছিল। সাম্ৰাজ্যবাদী শোষণে অসমীয়া তথা ভাৰতীয় মানুহক যেনেকৈ শোষণ কৰিছিল তেনেকৈয়ে গণতন্ত্ৰৰ আৰত ৰাজতন্ত্ৰৰ  শিকলিৰে  নিজৰ   ভাই -  ককায়েই সাধাৰণজনক শোষণ কৰি খাইছে। মূল্য বৃদ্ধি, নিবনুৱা সমস্যা, অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যা আদিয়ে আজিও অসমৰ  সাধাৰণ  মানুহক  পীড়িত  কৰি  আহিছে। বিষ্ণুপ্ৰসাদ ৰাভাই হয়তো গণতন্ত্ৰৰ এই শোচনীয় অৱস্থাৰ কথা আগতেই অনুমান কৰিব পাৰিছিল। সেয়ে হয়তো তেওঁ তেতিয়াই সাম্যবাদী আদৰ্শৰ সমাজ গঢ়াৰ সপোন দেখিছিল আৰু সাধাৰণ চহাজনক সাহসেৰে ওলাই অহাৰ দৰে আহ্বান জনাইছিল - 

       "দয়ামায়া নকৰিবি 

                  ক্ষমাৰ দিন যে গ'ল 

         হাল কোৰ  , দা হাতুৰী লৈ যাওঁ ব'ল।

                  তই খুৱাব বিশ্ববাসীক মাটি ফালি ধান 

         তই যোগাৱ ধনী শ্ৰেণীক অস্ত্ৰ শক্তিমান।

               কাৰখানা কল তোৰেই সৃজন পথাৰ সুবহল 

         নাঙল , কাচি, হাতুৰী, দাৰ যাদুকৰী ফল।   

     গোটেই পৃথিৱীতে উৎপাদন ব্যৱস্থাটো চহা শ্ৰেণীৰ হাততে নিৰ্ভৰ কৰিছে যদিও তেওঁলোকে শ্ৰমৰ উচিত মূল্য নাপায় আৰু তাৰ লাভ কৰে পুজিপতি শ্ৰেণীটোৱে। ৰাভাৰ এই উদাৰনৈতিক সাম্যবাদে নিশ্চিতভাৱে আজিৰ গণতন্ত্ৰতকৈ  সাধাৰণজনৰ  স্বাৰ্থ  পূৰণত  সফলতা দেখুৱাব পাৰিব।

       বিষ্ণুপ্ৰসাদ ৰাভাই অসমৰ ভূমিহীন, ভূমিচুৎ আনকি ক্ৰীতদাস  পৰ্যায়লৈ  অৱনমিত  হোৱা  লোকসকলক মহাজনী শোষণৰ বিৰুদ্ধে যুঁজিবলৈ সংগঠিত কৰিলে। নৃত্য,  গীত,  নাটক ,  বক্তৃতাৰে  তেওঁলোকৰ  সংগ্ৰামৰ আৱশ্যকতাৰ  কথা  বুজাই  তেওঁলোকক  সংগঠিত, প্ৰশিক্ষিত কৰি তুলিলে। সৰ্বহাৰা কৃষকসকলক নিজ অস্তিত্ব সম্বন্ধে জগাই তুলিলে। শোষক শ্ৰেণীক সাৱধান বাণী শুনালে - 

       " দুখীয়াৰ কলিজা নিগৰি লৱ। 

         টুপি টুপি তেজ শুহি শুহি পিৱ।

                ৰুকি ৰুকি মঙহ চোবাই খাৱ

         কুৰুকি হাড় কেইডালো চোবাৱ 

                 হুঁচিয়াৰ হুঁচিয়াৰ 

         ধনী মহাজন জমিদাৰ।।

                  হুঁচিয়াৰ হুঁচিয়াৰ...। " 

    বিষ্ণুপ্ৰসাদ ৰাভাই গীত, কবিতা, উপন্যাস, প্ৰবন্ধ আদি ৰচনা কৰিছিল সমন্বয় স্থাপনৰ আহিলা হিচাপেই। সেয়ে তেওঁ  পাৰস্পৰিক  সমন্বয়েৰে  সকলোকে  আগবাঢ়ি আহিবলৈ আহ্বান জনাইছিল - 

        " জাগিব লাগিব তই কছাৰী মিকিৰ 

          খাছী ৰাভা গাৰো মিৰি কুটীৰ নগা বীৰ 

           খামতি মিচিমি আবৰ লালুং লুচাই 

            চিংফৌ চিংতেং মণিপুৰী  টাই 

            টিপৰা ডিমাচা অকা ডফলা ককাই 

            চুতীয়া দেউৰী টোটোলা কোচ হাজং কছাৰী 

             জাগিব লাগিব তই জাগ ।" 

    বিষ্ণুপ্ৰসাদ ৰাভাই নাৰী স্বাধীনতা সম্পৰ্কতো মাত মাতিছিল আৰু এই স্বাধীনতাৰ আধাৰ আছিল সাম্যবাদী নাৰীবাদ। তেওঁ যি সময়ত নাৰীৰ  সমমৰ্যাদাৰ  কথা কৈছিল সেই সময় আছিল অসমীয়া তথা ভাৰতীয় নাৰীৰ জীৱন অতি দুৰ্বিসহ। সম্প্ৰতি ভাৰতীয় নাৰী বহুস্বাধীন আৰু মুক্ত।‌ তথাপি একবিংশ শতিকাৰ সমাজখনতো নাৰীৰ নিৰ্যাতন কমিছে বুলিব নোৱাৰি। পাৰিবাৰিক সমস্যা, গৃহ কন্দল, যৌতুক আদিৰ ফলশ্ৰুতিত নাৰীক জীৱন্তে জ্বলাই দিয়া হয়, ৰাজপথৰ অসহায় মহিলাক বলাৎকাৰ কৰা হয়। বিষ্ণুপ্ৰসাদ ৰাভাই বুজিছিল যে নাৰীৰ সহযোগিতা আৰু উন্নতিৰ অবিহনে জাতীয় জীৱনৰ উৎকৰ্ষ সাধন সম্ভৱ নহয়। তেওঁ" ছোভিয়েটৰ নাৰী " শীৰ্ষক ৰচনাত লিখিছে -" আমাৰ  ইয়াত দিয়াটোকে তিৰোতাৰ ভৰণ-পোষণৰ পন্থা  বুলি তিৰোতাৰ মানৱীয় বিকাশক দমাই ৰখা হয় আৰু তাত (ছোভিয়েটত)  থাকে  নকৰি   তিৰোতাকো  মানৱীয় গুণৰাশিৰ বিকাশৰ সম্পূৰ্ণ সুবিধা, স্বাধীনতা আৰু সমান অধিকাৰ  দিয়া  হয়। "(বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ,পৃ.৮৫৩-৫৪) । ভাৰতীয় তথা অসমীয়া নাৰীৰ পূৰ্ণ স্বাধীনতা -  অধিকাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ এনে বক্তব্যক আমি আজিও উচিত সন্মান জনাব পৰা নাই। 

       সংস্কৃতিৰ পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁৰ সংগ্ৰামী জীৱনত সাহিত্যৰ প্ৰতিও আকৰ্ষিত হৈছিল। বিশেষকৈ কলিকতাত থকা সময়ত সাহিত্যৰ প্ৰতিও আগ্ৰহী হৈ পৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ "বাঁহী" আলোচনীত " বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া" নামেৰে ছদ্মনাম লৈ তেওঁৰ সাহিত্যৰ  সাধনা  আৰম্ভ  কৰিছিল।  "আৱাহন" আলোচনীৰ  পাতত  তেওঁ  "সংগীত  আৰু  শ্ৰী  শ্ৰী শংকৰদেৱ গায়ন" নামৰ বিখ্যাত প্ৰবন্ধটো লিখিছিল। 

       বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ" মুক্তিৰ দেউল " । এই গ্ৰন্থখনত তেওঁৰ ৰাজনৈতিক জীৱন স্পষ্টভাৱে পৰিস্ফুট হৈছে। গ্ৰন্থখনৰ পাতনিতে তেওঁ নিজকে অঘৰী, সৰ্বহাৰা বুলি উল্লেখ কৰিছে। গ্ৰন্থখনত দ্বিতীয়  বিশ্বযুদ্ধক  কেন্দ্ৰ  কৰি  কৃষক  -  শ্ৰমিকৰ জীৱনগাঁথা  তেওঁ  বৰ্ণনা  কৰিছে।  "গেগনি ৰেঙণি " নাটিকাখনত স্বাধীনতাৰ পিছত অসমৰ জনগণৰ দুখ- দুৰ্দশাৰ  কথা  ৰূপায়িত  হৈছে।  " মিচিং কনেং " উপন্যাসখনত বৰ্ণ হিন্দু অসমীয়া সমাজকনে কেনেকৈ অসমীয়া সমাজখনক আপোন কৰাৰ সলনি ঘৃণাৰে আতৰাই  দিছিল  সেই  চিত্ৰ  অংকন  কৰা  হৈছিল। উপন্যাসখনৰ জৰিয়তে আমাৰ সমাজৰ সংকীৰ্ণতা আঁতৰাই বৃহৎ অসমীয়া সমাজ গঢ়িবৰ বাবে আহ্বান জনোৱা হৈছে। 

            ৰাভাদেৱৰ গল্প সংকলন " সোণপাহী" সম্পৰ্কত কোৱা হয় যে কলিকতাৰ তালিগঞ্জৰ অস্থায়ী আৱাসত থাকোঁতে  দুৱাৰ  বন্ধ  কৰি  তেওঁ  এদিনতে  কাৰোবাৰ হতুৱাই এই গল্পসমূহ লিখাইছিল। "ন- পৃথিৱীৰ নতুন যুগ", "মুক্তি তিথি", "প্ৰাচীন ভাৰতীয় নৃত্য কলা" আদি তেওঁৰ ৰচনাৱলীয়ে প্ৰতিভাৰ সোণালী স্বাক্ষৰ ৰাখি গৈছে। " মানৱ জাতি" ৰাভাৰ এক উৎকৃষ্ট প্ৰবন্ধ।  এই প্ৰবন্ধটিত   তেওঁ  অসমীয়া   জাতি  সম্পৰ্কত  অতি শক্তিশালী ব্যাখ্যা আগবঢ়াই থৈ গৈছে। 'অতীত অসম' প্ৰবন্ধত নৃতাত্ত্বিক আৰু ভূ-তাত্ত্বিক জ্ঞানৰ গভীৰতা ফুটি উঠিছে। তেওঁ বিৱৰ্তনবাদৰ আলোকত অসমৰ প্ৰাচীন অধিবাসীসকলৰ ইতিহাস বস্তুনিষ্ঠভাৱে অনুসন্ধান কৰাৰ লগতে অতীত অসমৰ ভূ-তাত্ত্বিক ৰূপৰেখা প্ৰাঞ্জল ভাষাত বৰ্ণনা কৰিছে। 

       " বিষ্ণুপ্ৰসাদ ৰাভা ৰচনাৱলী " গ্ৰন্থত সংগৃহীত প্ৰতিটো প্ৰবন্ধ আৰু প্ৰতিখন গ্ৰন্থ পাঠ কৰিলে এই কথা স্পষ্টভাৱে বুজিব পাৰি। তেওঁৰ বিপ্লৱ বিশেষকৈ তিনিটা দিশত আছিল - বৰ অসমৰ সংস্কৃতি সাহিত্য পুনৰুত্থান, জাতীয়   জীৱন  ঐতিহ্যৰ  সংৰক্ষণ  আৰু  নিষ্পেষিত সকলৰ মুক্তিৰ বাবে সাম্যবাদৰ অৱলম্বন। এই তিনিটাই আছিল তেওঁৰ জীৱনৰ আদৰ্শ। মানুহেই আছিল তেওঁৰ পূজাৰ থলী  আৰু সেই মানুহৰ   সঠিক বিকাশৰ অৰ্থই আছিল তেওঁৰ  বিপ্লৱ।   এটা সময়ত বিভিন্ন কাৰণত তেওঁৰ সাহিত্য চৰ্চা স্থবিৰ হৈ পৰিছিল।                                    ৰাভাদেৱৰ সুদক্ষ অভিনয়, নৃত্য আৰু কালজয়ী   গীত সমূহ অসমৰ  জনগণৰ হৃদয়ত   চিৰযুগমীয়া হৈ ৰ'ল  ।  আমি কেতিয়াও কোনো  কাৰণতে  অন্যায়ক প্ৰশ্ৰয় দিব নালাগে,  তাৰ  পৰিৱৰ্তে   প্ৰতিবাদকামী হৈ জনগনক সেয়া যুক্তিসহকাৰে ভালদৰে বুজাই সমস্যা সমাধানৰ প্ৰয়াস কৰিব লাগে।  একতাৰ  এনাজৰীয়ে যিকোনো কঠিন পৰিস্থিতিকো মোকাবিলা কৰি তাৰপৰা পৰিত্ৰাণ পাব পাৰি। 




                   


Comments

Popular posts from this blog

বিধৱা কিয় ৰং বিবৰ্জিতা!