বিধৱা কিয় ৰং বিবৰ্জিতা!
সৌৰভ কুমাৰ দাস
তেজপুৰ বিশ্ববিদ্যালয়
"বেলি বিহীন কপালৰ ৰ'দঘাই মানুহজনী" নামৰ উপন্যাসত মাখনী এনে এগৰাকী মানুহ যিয়ে আমাৰ সমাজৰ প্ৰতিগৰাকী বিধৱা নাৰীৰ জীৱনগাঁথাৰ সবল প্ৰতিনিধি। মাখনীয়ে জাগ্ৰত কৰিছে কিয় লাঞ্ছিত হয় এতিয়াও বিধৱাসকল? একবিংশ শতিকাতো বিধৱাক অন্য দৃষ্টিৰে চোৱা সমাজখনে কিন্তু পত্নীহীন পুৰুষসকলক কেতিয়াও উপহাস নকৰে, তাৰ পৰিৱৰ্তে দ্বিতীয় বিবাহ কৰাবলৈ পুনৰ এগৰাকী নাৰীকেই সামৰে ।
ৰাস্না পালক বৰ্তমান লেখকসকলৰ ভিতৰত এক পৰিচিত নাম। উপন্যাসখনৰ মূল বিষয়বস্তু হৈছে - এগৰাকী বিধৱা নাৰী। সমাজত মূৰ তুলি জীয়াই থাকিবলৈ বিধৱা নাৰী এগৰাকীয়ে কৰি থকা সংগ্ৰাম। স্বামীহীনতাই বেলি বিহীন কৰিলেও ৰ'দঘাই হৈ মাটিক খামুচি থাকিব পৰাকৈ নাৰী কিমান শক্তিশালী এই আভাসেৰে সমৃদ্ধ এখন উপন্যাস।
উপন্যাসখনত সাৱলীলভাৱে দাঙি ধৰিছে প্ৰতিটো চৰিত্ৰক। আবেগিক কৰি তুলিব পৰাকৈ শক্তিশালী উপস্থাপন মাখনী, ধৃতি, ৰংমন, জ্ঞান খুৰাকে আদি কৰি প্ৰতিটো চৰিত্ৰ। মাখনীক কেন্দ্ৰ কৰিয়েই আগবঢ়া উপন্যাসখনত ধৃতিও অন্য এক মূল চৰিত্ৰ। মাখনীৰ চৰিত্ৰটোৰে উপন্যাসিকে আমাৰ সমাজৰ প্ৰতিগৰাকী বিধৱা নাৰীৰ জীৱনগাঁথাক তুলি ধৰাৰ প্ৰয়াস কৰিছে। নাৰীকেন্দ্ৰিক উপন্যাসখনত লেখিকাই নাৰীসকলৰ উপৰিও উপস্থাপন কৰিছে চহা জীৱনৰ পৰিচয়। কেনেকৈ ৰংমনৰ অনুপস্থিতিত মাখনীয়ে হৈ পৰিছিল চাৰিওটা সন্তানৰ বটবৃক্ষ? য'ত পদে পদে বৈধব্যই মাখনীক উপহাস কৰিছিল। স্বামী নামৰ এখন আকাশ যিখন আকাশে ৰঙা বেলি আকি দিয়া প্ৰতিগৰাকী নাৰীৰ কপালত সেই সৌভাগ্যৰ পৰা কম বয়সতেই কেনেকৈ বঞ্চিত হৈছিল মাখনী?
বেলি বিহীনতাই মাখনীক জানোঁ কোঙা কৰিব পাৰিছিল! কিমান শক্তিশালী মাখনী! বেলি বিহীন জীৱনে আনি দিয়া বাধাসমূহ আঁতৰাই সন্তানকেইটিক মানুহ কৰাৰ সাধনাত ব্ৰতী মাখনী সমাজৰ আদৰ্শ হৈয়ো পিছপৰি ৰৈছিল কেৱল বৈধব্যৰ বাবেই।
প্ৰতিগৰাকী মাতৃয়ে বুকুত কঢ়িয়াই ফুৰে এখনকৈ আকাশ, যি আকাশৰ তলত ওমলে সন্তানে। সন্তানৰ মমতাই মাতৃসকলক যিদৰে মমতাময়ী কৰি তোলে , তেনেদৰে সাহসীও কৰি তোলে। মাখনীও সেই মমতাৰেই অতি শক্তিশালী। পুলি পোখা সামৰি মাখনীয়ে নিজকে এগৰাকী কঠোৰ নাৰী হিচাপে গঢ়ি তুলিছে! কিন্তু কঠোৰতাই জানোঁ সকলো সমাধান! নহয়। আবেগো স্বতঃস্ফুত মানৱ জীৱনত। মাখনীনো কেনেকৈ ব্যতিক্ৰমী হ'ব। মাখনীক ভাগি পৰে ৰংমনৰ ভাৱনাই যেতিয়া হৃদয়খন কপাই তোলে। নিৰৱে চকুপানীখিনি সামৰিব খুজিলেও ৰংমনে দি যোৱা সপোন কেইটিয়ে মাখনীক অকলশৰে চকুপানী সামৰিবলৈ নিদিয়ে। মাখনী নামৰ চালিখনৰ তলত সমানে ভগাই লয় সুখ- দুখৰ প্ৰতি অনুভৱক। মাখনীৰ গোটেইকেইটা সন্তানেই উচ্চ শিক্ষিত ৰূপে সমাজত প্ৰতিষ্ঠা লাভ কৰাটোৱে মাখনীক পৰিতৃপ্তি নাছিল। একোঠালীয়া ঘৰটো বহল হৈছিল ধীৰে ধীৰে। এখন বিচনা, এটা টিপ চাকিৰ পোহৰে পোহৰোৱা মাখনীৰ প্ৰতিটো সন্তানৰ সৈতে ভগাই লোৱা অনুভৱবোৰো একোঠালিতে আবদ্ধ নাথাকি আঁতৰি যোৱাটোৱে মাখনীক চিন্তিতও কৰিছিল।
কেৱল যন্ত্ৰনাই জানো জীৱনৰ সহচৰ! নিশ্চয় নহয়, প্ৰেম অবিহনে জীৱন জনো সম্পূৰ্ণ! নহয়, হোৱা হ'লে মাখনীয়ে ৰংমন বিহীনতাৰ অপ্ৰাপ্তি কঢ়িয়াই নুফুৰিলেহেতেন। উপন্যাসখনত প্ৰেম আৰু সংগ্ৰামৰ মাজৰ সাকোঁডাল এনে নিকপকপীয়াকৈ বান্ধিছে য'ত সংগ্ৰামক বাদ দি প্ৰেমৰ ব্যাখ্যা কৰিব নোৱাৰি। নাৰী শক্তিশালী এই শক্তিক স্বনিৰ্ভৰশীলতাই আৰু অধিক উৰ্বৰা কৰি ৰাখে।
যদিও আইনগতভাৱে বিধৱাসকলক ৰঙ খেলাৰ পৰা কোনেও বাধা দিব নোৱাৰে কিন্তু বাস্তৱত সেয়া হয়নে? বিধৱা মহিলা এগৰাকীয়ে হোলীৰ ৰঙেৰে ৰঞ্জিত হ'লে এতিয়াও সমাজত এনে কিছুমান লোক চলাব যিয়ে তাৰ বিৰোধিতা কৰে।
এগৰাকী নাৰী বিধৱা হোৱাৰ লগে লগেই স্বামীৰ মৃত্যুৰ দিনাই কপালত উজ্বল হৈ জিলিকি থকা ৰঙা সেন্দুৰৰ ফোঁট মচি পেলোৱা হয়, ডিঙিৰ মণি, হাতৰ খাৰু, কাণ ফুলি খুলি পেলোৱা হয়। অথচ যদি কোনো এগৰাকীৰ পত্নীৰ মৃত্যু হয় তেন্তে কিন্তু পুৰুষজনৰ একোৱেই খুলিব নালাগে, আনকি কেতিয়া সোনকালে পুনৰ বিবাহ কৰাই দিব তাৰ ওপৰতহে চকু দিয়ে যে কিন্তু বিধৱাৰ ক্ষেত্ৰত যদিও এতিয়া মানসিকতা সলনি হৈছে, কিন্তু মানুহৰ মনৰ পৰা পূৰ্ব কলীয়া যি ধাৰণা বোৱাই আহিছে সেয়া একেবাৰে নি:কিন হৈ গৈছে নে?
স্বামী ঢুকাল বাবেই এগৰাকী নাৰীয়ে মনৰ সকলো ৰং মচি পেলাব লাগিব নেকি চিৰ জীৱনলৈ? কিয় এই অন্যায়? কপালৰ ফোঁট, হাতৰ কাণৰ অলংকাৰ হ'ল নাৰীৰ শৃংগাৰৰ একো একোটা উপাদান। এগৰাকী বিবাহিত নাৰীয়ে কেনেবাকৈ কপালত ফোঁট নলয় সেয়া যেন এক অপৰাধ। কিন্তু একেগৰাকী নাৰীয়ে যদি স্বামীৰ মৃত্যুৰ পাছত সেন্দুৰ স্পৰ্শও কৰে সেয়াও আকৌ পাপ। নাৰীৰ ইচ্ছা, অনিচ্ছা সকলোবোৰ যেন পুৰুষজনৰ জীৱনৰ লগত শিকলিবদ্ধ। নাৰীৰ নিজস্বতা যেন একোৱেই নাই। আজিও সমাজত বিধৱা নাৰীসকল কিমান মৰ্যাদাপূৰ্ণ স্থান দিয়া হয় সেয়া সন্দেহৰ আৱৰ্তত।
আজিকালি বিধৱা ৰং বিবৰ্জিতা নহয়। প্ৰায় সকলো বিধবাৰ ৰঙীন কাপোৰ পিন্ধা দেখা যায়। বিধৱা মহিলাৰ লগত হোৱা সামাজিক ৰীতি - নীতি শিথিল হৈছে, হয় । কিন্তু বিধৱাৰ প্ৰতি আমাৰ ধাৰণা সলনি হৈছেনে? কেৱল ৰঙীন কাপোৰ পিন্ধিলেই জীৱন ৰঙীন হয়নে? কোনো শুভ কামত ওলাই যাওঁতে বিধৱা মহিলা দেখা পালে যাত্ৰা নাস্তি আজিও হয় , আনকি নিজ সন্তানৰ বিয়াৰ লগত জড়িত অনেক নীতি - নিয়মৰ পৰা এগৰাকী বিধৱা মাতৃক আতৰাই ৰখা হয়। এয়া কেৱল ককা - আইতাৰ দিনৰে নহয়, আজিৰ ইন্টাৰনেটৰ যুগৰ যুৱক - যুৱতীৰ মনবোৰো সেই একেই পৌৰাণিক ধ্যান ধাৰণাৰেই ভৰা । উদাহৰণস্বৰূপে চাবলৈ হ'লে কোনো বিধৱা নাৰীয়ে যদি পুনৰ্বিবাহ কৰাৰ ফটো বা ভিডিঅ' ফেচবুক, ইন্ ষ্টাগ্ৰামত শ্বেয়াৰ কৰে তেন্তে কমেন্টবোৰ চালেই গম পোৱা যায়।
কোৱা হয় বৈধব্যৰ এক তপস্যা আৰু সামাজিক নীতি - নিয়মৰ আশ্ৰয় লৈ এই তপস্বীসকলৰ ওপৰত অতপস্বীসকলে চলাই যায় অকথ্য নিৰ্যাতন। যদিহে এই তপস্বী নাৰীগৰাকী সুন্দৰী হয় তেতিয়া হ'লে দিনৰ পোহৰত সন্তৰ মাজলৈ বৰ্তি থকা পাষণ্ড কিছুমানৰ লোলুপ দৃষ্টি তেওঁৰ ওপৰত নিবদ্ধ হৈয়েই থাকে। ভাৰতীয় সমাজত নাৰীয়ে মানৱীয় মৰ্যাদা পাবলৈ হয়তো বহুদূৰ আগুৱাব লাগিব। প্ৰথমে নাৰীসকলে নিজেই নিজকে চিনি পাব লাগিব। কোনোবাৰ পত্নী, কোনোবাৰ ভগ্নী, কোনোবাৰ মাতৃ হিচাপে নহয় নিজৰ ব্যক্তিত্বৰেহে নিজকে চিনি পাব লাগিব। নাৰীয়ে যদি নিজেই নিজকে এক মৰ্যাদাপূৰ্ণ আসনত চাব নিবিচাৰে পৃথিৱীৰ আন কোনো শক্তিয়েই তেওঁক উচ্চ স্থান দিবলৈ সক্ষম নহয়।
জৱাহৰলাল নেহৰুৰ ভাষাত ক'বলৈ গ'লে -" এখন সমাজক তেতিয়ালৈকে উন্নত সমাজ আখ্যা দিব নোৱাৰি যেতিয়ালৈ সেই সমাজৰ নাৰীসকলৰ উন্নতি নহয়। " একে সময়তে যেতিয়ালৈ নাৰী কেৱল পুৰুষৰ অৰ্ধাংগিনী হিচাপেহে পৰিচিত হয় নিজৰ সত্তাৰে নহয়, তেতিয়ালৈকে নাৰীৰ উন্নতি এক অলীক কল্পনাহে মাথোঁন হৈ থাকিব।

Comments
Post a Comment