কৃষ্ণকান্ত সন্দিকৈৰ বৌদ্ধিক সাধনা




                                           সৌৰভ কুমাৰ দাস 

                                         তেজপুৰ বিশ্ববিদ্যালয় 

      বিশ্ববিশ্ৰুত  পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ অকল অসমৰ এজন সুযোগ্য সন্তানেই নহয় তেওঁ অসমৰ এক ইতিহাস। বিশ্ববৰেণ্য পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ এজন বিশিষ্ট ভাষাবিদ, গৱেষক আৰু প্ৰাচ্যতত্বৰ পণ্ডিতে তেখেতৰ পাণ্ডিত্য আৰু প্ৰাচ্যতত্বৰ সাধনাৰ জৰিয়তে 'প্ৰাচ্য বিদ্যাণৱ ' খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল।  তেওঁ আছিল নীৰৱ সাধক, জ্ঞানৰ পূজাৰী আৰু প্ৰচাৰবিমুখ এজন ব্যক্তি। সময়ৰ মূল্য বুজি পোৱা এইজনা  পণ্ডিতে মানুহৰ সংস্পৰ্শ বেয়া পাইছিল বুলি ক'লে ভুল কোৱা নহ'ব। যিজন অসাধাৰণ ব্যক্তিয়ে একোখন গ্ৰন্থ লিখি উলিয়াওতে ১৩ বছৰ সময় লাগিছিল, সেইজনৰ বাবে সময়ৰ মূল্য অধিক হোৱাটো স্বাভাৱিক। তেখেতে পণ্ডিত জৱাহৰলাল নেহৰুকো ৫ মিনিট দেৰি হোৱা বাবে লগ নকৰি গুচি অহাৰ কথা শুনা যায়। " যি মূলা বাঢ়ে তাৰ দুপাততে চিন"- সেয়া প্ৰতিভাত হৈছে তেখেতৰ ক্ষেত্ৰত। তেওঁৰ ৰাপ আছিল অধ্যয়নৰ প্ৰতিহে । বিশেষকৈ সংস্কৃত সাহিত্যৰ প্ৰতিহে তেওঁৰ আসক্তি আছিল। এই মহান মনীষী গৰাকীৰ জীৱন প্ৰৱাহ, দৰ্শন আৰু আদৰ্শ নতুন প্ৰজন্মৰ বাবে অনুকৰণীয়।

             গভীৰ অধ্যয়ন সংক্ৰান্তিয়ে তেখেতৰ বিষয়ে মুখ বাগৰা ঘটনা এটা আছিল যে - " বৰ ভূঁইকপৰ সময়ত তেখেতে পঢ়া টেবুলৰ পৰা নুঠা দেখি লগুৱাটোৱে  কৈছিল গৈ -"  দেউতা ভূমিকম্প আহিছে উঠক।"  তেখেতে উত্তৰ দিছিল -" বহিবলৈ দিয়া।" অসাধাৰণ পাণ্ডিত্যৰ স্বীকৃতি স্বৰূপে তেখেতক বিভূষিত কৰা হৈছিল " প্ৰাচ্যবিদ্যাণৱ," " পাণ্ডিত্যবাৰিধি" আদি অভিধাৰে । ব্যক্তিত্বত যিজন সুগভীৰ, চৰিত্ৰ যাৰ সুনিৰ্মল, আদৰ্শ যাৰ জ্ঞান - সাধনা, প্ৰচাৰবিমুখতা যিজনৰ জীৱনৰে বৈশিষ্ট্য। মত্ত যিজন সুদৃঢ়, জ্ঞানলিপ্সা যাৰ অপূৰণীয় আৰু অতুলনীয়, যিজন পণ্ডিতৰ সমালোচনা স্পষ্ট আৰু বিচাৰ প্ৰণালী যুক্তি - সংগত , অনুসন্ধিৎসা যিজনৰ জীৱনৰ ব্ৰত, অধ্যয়ন যাৰ মনৰ খোৰাক, পাৰ্থিৱ খ্যাতিৰ প্ৰতি যিজন অনাসক্ত, সেইজন অসাধাৰণ গৱেষক ব্যক্তিয়েই হৈছে কৃষ্ণকান্ত সন্দিকৈ। 

       জ্ঞান পিপাসু কৃষ্ণকান্ত সন্দিকৈয়ে ১৯২০ চনত বিলাতলৈ গৈ প্ৰায় ৭ বছৰ অধ্যয়ন কৰে অক্সফোৰ্ড, পেৰিছ, বাৰ্লিন আদিত । এই সময়খিনিতে তেওঁ ফৰাচী, জাৰ্মান, লেটিন, গ্ৰীক, ইটালীয়ান, ৰাচিয়ান, স্পেনিছ আদি ভাষাবোৰত বুৎপত্তি লাভ কৰে। তেওঁ দিনে ১২/১৩ ঘণ্টাকৈ অধ্যয়ন কৰিছিল। তেওঁ ১৩ মান ভাষা জানিছিল। তাৰে ৮ টাই ইউৰোপীয় আৰু ৫ টাই ভাৰতীয় আছিল। জ্ঞান অৰ্জনৰ বাবে থকা অদমনীয় হেঁপাহৰ বাবে তেওঁ বহু শ্ৰম কৰি বিদেশী ভাষা শিকিছিল। একাগ্ৰতা, প্ৰৱল অনুসন্ধিৎসু মন আৰু কঠোৰ পৰিশ্ৰমৰ বাবে বিশ্বকোষ তুল্য জ্ঞানৰ অধিকাৰী হৈছিল কৃষ্ণকান্ত সন্দিকৈ। তেখেত আছিল শৈক্ষিক আৰু বৌদ্ধিক ক্ষেত্ৰৰ ধ্ৰুৱতৰা। 

             ১৯৩০ চনত নিজা পৰিকল্পনাৰে যোৰহাটত অসমৰ প্ৰথমখন মহাবিদ্যালয় " উজনি অসম মহাবিদ্যালয়" স্থাপন কৰে, যিখন মহাবিদ্যালয় বৰ্তমানে " জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ" বুলি স্বীকৃত হৈছে। শিক্ষা প্ৰীতি, জ্ঞান প্ৰীতি উভয়ৰ সুষম সমন্বয়তে বিশ্ববিদ্যালয় এখনে গতি কৰে । পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ বৌদ্ধিক নেতৃত্বই গুৱাহাটী বিশ্ববিদ্যালয়ক গতি প্ৰদান কৰিছিল ।  তেখেতৰ নেতৃত্বৰ মাজেৰে, তেখেতৰ কৰ্মশক্তিৰ মাজেৰে অসমৰ মানুহখিনিয়ে ৰূপান্তৰৰ সেউজ  সপোন দেখিছিল।  সেয়া আছিল ঊষা লগ্নৰ সপোন, জীৱনক নতুনকৈ যাপন কৰাৰ সুযোগ কেন্দ্ৰিক  সপোন। 

           ১৯৬১ চনত পত্নীৰ বিয়োগ হোৱাত তেখেতৰ স্মৃতিত যোৰহাটত " হেমলতা মেমৰিয়েল ইনষ্টিটিউট" নামৰ এখন শিক্ষানুষ্ঠান প্ৰতিষ্ঠাপন কৰি তাৰ সমুদায় খৰচ পৰিয়ালে বহন কৰাৰ দায়িত্ব লয়।  সাহিত্যচৰ্চাত ব্ৰতী কৃষ্ণকান্ত সন্দিকৈয়ে বাঁহী, চেতনা, মিলন, আৱাহন, আমাৰ দেশ , অসম সাহিত্য সভা পত্ৰিকা, অকণ আদি আলোচনীত প্ৰায় ডেৰকুৰি আপুৰুগীয়া প্ৰবন্ধ ৰচনাৰে অসমীয়া সাহিত্য জগতলৈ বহুমূলীয়া অৱদান আগবঢ়াই থৈ গৈছে। মাত্ৰ তিনিখন গ্ৰন্থ - " শ্ৰীহৰ্ষৰ নৈষধ চৰিত" ,  সোমদেৱৰ " যশস্তিলক আৰু ভাৰতীয় সংস্কৃতি" আৰু প্ৰৱৰসেনৰ " সেতুবন্ধন" ৰচনা কৰি বিশ্বৰ চকুত চমক লগাব পৰাটো সন্দিকৈৰ অসাধাৰণ পাণ্ডিত্য, অসীম ধৈৰ্যশক্তি আৰু একনিষ্ঠ জ্ঞান সাধনাৰে ফলশ্ৰুতি। 

             স্বদেশ আৰু স্বজাতিক ভাল পাওঁ বুলি চিঞৰি - বাখৰি নাথাকি নীৰৱে জ্ঞান সাধনাত ব্ৰতী হৈ জীৱনৰ মহত্ব উপাৰ্জন কৰিছিল। তেখেতৰ নিজৰ ভাষাত - " Rare is the honest Person that silently achieve their tasks. Few also are the trees that yield fruit without their flowering being noticed."  তেওঁ অসমীয়াত ৩৬ টা গৱেষণামূলক তত্বগধুৰ প্ৰবন্ধ, কেইবাখনো অসমীয়া গ্ৰন্থৰ পাতনি, অসম সাহিত্য সভাৰ সভাপতিৰ অতি উচ্চমানৰ অভিভাষণ আৰু অসম ছাত্ৰ সন্মিলনৰ অভিভাষণখনি গভীৰ জ্ঞান তথা অধ্যয়নপুষ্ট মনৰ পৰিচায়ক। অসমীয়া ভাষাত ৰচিত প্ৰবন্ধ সমূহৰ ভিতৰত - " ইউৰোপৰ ভাষা আৰু সাহিত্য, গ্ৰীক ভাষা, জাৰ্মেনীৰ জ্ঞান সাধনা, প্ৰাচীন বেবিলনৰ বেদ, অনুবাদৰ কথা আদি প্ৰধান।  দেশী- বিদেশী ভাষা সাহিত্যৰ প্ৰসংগ উল্লেখ কৰি গভীৰ বিশ্লেষণ আগবঢ়োৱা কৃষ্ণকান্ত সন্দিকৈৰ জীৱনীমূলক ৰচনা, বিবিধ টোকা, চিঠিসমূহেও তেখেতৰ জ্ঞান, চিন্তাৰ উমান দিয়ে। 

         কৃষ্ণকান্ত সন্দিকৈৰ সংগীতৰ প্ৰতিও ৰাপ আছিল। "গ্ৰীক নাটকৰ গান " নামৰ শীৰ্ষক এটি প্ৰবন্ধও পোৱা যায়।  তেখেতৰ গীত আৰু কবিতা সমূহত প্ৰকৃতিপ্ৰেম, পুষ্প প্ৰীতিৰ নিদৰ্শন, উৎসাহ - উদ্দীপনা, ভগৱৎ বন্দনা সুন্দৰভাৱে প্ৰকাশিত হৈছে। প্ৰায়বোৰ গীতকে ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতৰ সুৰৰ অনুৰণত ৰচনা কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ" তোমাৰ ৰাগিনী জীৱন কুঞ্জলে" গীতৰ সুৰত ৰচনা কৰা কৃষ্ণকান্ত সন্দিকৈদেৱৰ গীতটি এনেধৰণৰ - 

       " কিৰণ - মালিনী। সুষমা ৰঙ্গে, নাচা প্ৰাণ 

         মুহি নাচাহে; 

         ৰজনী গালতো, শেৱালি পুঞ্জে, হাঁহি থব 

          শোভা হাঁহে হে।" 

    তেখেতৰ ফুলৰ প্ৰতি থকা মৰম- হেঁপাহৰ, এক উল্লেখযোগ্য নিদৰ্শন হ'ল - ৰাতি টৰ্চ মাৰি ফুলৰ সৌন্দৰ্য চোৱা। ৰাতি হেনো ফুলৰ সৌন্দৰ্য অতি মনোমুগ্ধকৰ, বৰ ভাল লগা।  তেওঁৰ কবিতাত সংস্কৃত শব্দৰে ভাৰাক্ৰান্ত, " বন্দনা" কবিতা তাৰেই উৎকৃষ্ট উদাহৰণ - 

         " আহা মোহন- বীণাবাদিনী 

          আহা সুন্দৰ ফুল ফুল্লোদ্যান শোভিনী 

           কমল কুমাৰী - মালিনী।" 

    গানৰ মাজত মাধুৰ্য আৰু গাম্ভীৰ্য  দুয়োটাৰে সামঞ্জস্য থকা দৰকাৰ। এই বিষয়ে " গ্ৰীক নাটকৰ গান" প্ৰবন্ধত লিখিছে - " ভাৱৰ বৈচিত্ৰ্য, অনুভূতিৰ গাম্ভীৰ্য আৰু ভাষাৰ চঞ্চল বিলাসত গ্ৰীক ট্ৰেজেদীৰ গানৰ তুলনা বিশ্ব সাহিত্যত পাবলৈ নাই ।গানত অকল মাধুৰ্যৰ পৰিমাণ বেছি হ'লে গাম্ভীৰ্য নাথাকে; গাম্ভীৰ্য বেছি হ'লে কোমলতা নাথাকে। এই দুই বস্তুৰ সামঞ্জস্য ৰাখি এস্কিলাছ  চফ'ক্লিছ আদিয়ে গান হিচাপে গানৰ এটা গম্ভীৰ ৰূপ সৃষ্টি কৰিছিল।" 

          সংস্কৃত পঞ্চম মহাকাব্যৰ অন্তগৰ্ত " নৈষধ চৰিত" ৰ ইংৰাজী অনুবাদ, টিকা- টিপ্পনী, বিভিন্ন টীকাকাৰৰ ভাষ্য বিশ্লেষণ, তুলনাত্মক আলোচনা সন্দিকৈৰ কঠোৰ পৰিশ্ৰমৰ ফল।  " নৈষধ চৰিত"মূল বিষয়বস্তু হ'ল - নল- দময়ন্তীৰ আদৰ্শাত্মক প্ৰণয় কাহিনী। " যশস্তিলক আৰু ভাৰতীয় সংস্কৃতি" জৈন ধৰ্মীয় কাব্য যদিও এখন ৰোমাঞ্চ কাব্য; তথাপিও ই ধৰ্ম, সাহিত্য, সমাজ, ৰাজনৈতিক পৰিস্থিতি, দৰ্শন আৰু অনেক বিষয়ৰ তথ্য সম্বলিত ভাৰতীয় সংস্কৃতিৰ এখন স্বচ্ছ দাপোন । " প্ৰৱৰসেনৰ সেতুবন্ধন" গ্ৰন্থ এখন প্ৰাকৃত মহাকাব্য। ১৫ টাই সৰ্গযুক্ত এই কাব্যখনৰ নাম হ'ল ' ৰাৱণৰহো ', আৰু সন্দিকৈদেৱে গ্ৰন্থ খনৰ নাম দিলে -" Proborsen's Setubandha । " সন্দিকৈৰ ব্যক্তিগত পুথিভঁৰালত ১১টা ভাষাত থকা ৭৫৯ খন গ্ৰন্থ আলোচনীৰ এক অতি মূল্যৱান সংগ্ৰহ তেওঁৰ মৃত্যুৰ পিছত এমাহৰ পিছতে  গুৱাহাটী বিশ্ববিদ্যালয়ে গ্ৰহণ কৰি ওপৰত মহলাৰ এটা ডাঙৰ কোঠাত " অধ্যাপক কৃষ্ণকান্ত সন্দিকৈ সংগ্ৰহ" নামেৰে এটা সুকীয়া সংগ্ৰহ শাখা স্থাপন কৰে।  কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ পাণ্ডুলিপি শাখাত চাৰি হেজাৰ পাঁচশ হাতেলিখা অসমীয়া, সংস্কৃত, বঙালী, নেপালী আৰু টাই বাৰ্মিজ ভাষাৰ সাঁচিপাত, তুলাপাত আৰু কাগজত লিপিবদ্ধ সম্পদ আছে। 

    ১৯৮২ চনত ডিব্ৰুগড় জি. এম. চিকিৎসালয়ত তেখেতৰ মৃত্যু হয়। এইজন মহামান্য ব্যক্তিৰ নামত শ্ৰদ্ধেয় মহিলা কবি নলিনীবালা দেৱীয়ে তেখেতৰ" অলকানন্দা " উছৰ্গা কৰিছে। তাত যথাৰ্থতে কবিয়ে কৈছে - 

     " মহীয়ান দানবীৰ পিতৃৰ সন্তান।

       নোহোৱা মাথোঁন তুমি অসমৰ গৌৰৱ 

        ভাৰত গৌৰৱ তুমি বিশ্বৰ জ্ঞান মন্দিৰত।" 

Comments

Popular posts from this blog

বিষ্ণুপ্ৰসাদ ৰাভাৰ সাহিত্যত সমাজ - চেতনা

বিধৱা কিয় ৰং বিবৰ্জিতা!