অজিৎ বৰুৱাৰ কবিতা : এক প্ৰস্তাৱনা
অজিৎ বৰুৱা এজন অসমীয়া সাহিত্যিক, প্ৰশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্ৰামী। তেওঁ একাধাৰে কবি , গীতিকাৰ, ঔপন্যাসিক , সমালোচক অনুবাদক, ৰম্য ৰচনাকাৰ আদি হিচাপে তেওঁ অসমীয়া সাহিত্যলৈ অৰিহণা যোগাইছিল। তেওঁক "জেংৰাই কবি" বুলি জনা যায়। কবি কুশল দত্তৰ মতে " অধ্যয়নৰ ব্যাপ্তি, বোধৰ সামুদায়িক দৃষ্টি, জগত আৰু জীৱনক বুজি উঠা আৰু তাক অতি ওখ খাপৰ শিল্পীৰূপে স্থাপত্যসিদ্ধ কৰি তোলাৰ সাধনাই অজিৎ বৰুৱাৰ সৃষ্টিক একক আৰু অনন্য ৰূপে অসমীয়া তথা ভাৰতীয় সাহিত্যত সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে। " কিছুমান পদ্য আৰু গান " (১৯৮২) আৰু "ব্ৰক্ষ্মপুত্ৰ ইত্যাদি পদ্য"(১৯৮৯) এই দুখন কাব্যগ্ৰন্থৰ জৰিয়তে বিষয় আৰু আংগিক ক্ষেত্ৰত অভূতপূৰ্ব সিদ্ধি লাভ কৰা অজিৎ বৰুৱাক আধুনিক অসমীয়া কবিতাৰ ইতিহাসৰ বিৰল প্ৰতিভা আখ্যা দিব পাৰি। অজিৎ বৰুৱাৰ কবিতাৰ বৈচিত্ৰ্য চমকপ্ৰদ। স্বত: স্ফূৰ্ত আত্মপ্ৰকাশৰ ৰোমান্টিক ধাৰণাক বিৰোধ কৰা অজিৎ বৰুৱাৰ কবিতাত কিন্তু ৰোমান্টিক দুখ, বিষাদ, বিৰহ, সোঁৱৰণিৰ পীড়া, ভয়, আতং...