নৱকান্ত বৰুৱাৰ কবিতা: এটি প্ৰস্তাৱনা


                                               সৌৰভ কুমাৰ দাস 

                                              তেজপুৰ বিশ্ববিদ্যালয় 
                                        
    নৱকান্ত বৰুৱা অসমীয়া সাহিত্য জগতৰ এটি স্বনামধন্য কবি, সাহিত্যিক আৰু চিন্তাশীল ব্যক্তি। " এখুদ ককাইদেউ" বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম। তেওঁ " সীমা দত্ত" ছদ্মনামেৰেও কেইবাটাও কবিতা, গল্প, প্ৰবন্ধ আৰু সাহিত্যিক নিবন্ধ প্ৰকাশ কৰিছিল।  জীৱনৰ প্ৰথমটো কবিতা চিলেথতে লিখা বাবে নন্দ তালুকদাৰে তেওঁক চিলেঠীয়া কবি বুলিও কৈছে। " মোৰ আৰু পৃথিৱীৰ" কাব্যগ্ৰন্থৰ বাবে তেওঁক অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল।
             নৱকান্ত বৰুৱাৰ কবিতাবোৰে আধুনিক অসমীয়া কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে। তেওঁৰ প্ৰতিখন কবিতাপুথি কায়িক জীৱনৰ সৌন্দৰ্য, প্ৰেমৰ মাধুৰী, মৃত্যু, ৰহস্য আদি বিবিধ বিষয়বস্তুৰে সমৃদ্ধ। মহেন্দ্ৰ বৰাৰ ভাষাত-" এহাতে ৰবীন্দ্ৰনাথ, আনহাতে ইলিয়ট। এয়ে বোধকৰো নৱকান্ত বৰুৱাৰ কাব্য পৰিক্ৰমাৰ কুমেৰু - সুমেৰু। মাজত আৰু বহুতো বিখ্যাত, অখ্যাত আৰু কুখ্যাত  কবিৰ হেঁচা- ঠেলা।" ( অৱতৰণিকা, " নতুন কবিতা", প্ৰকাশ, আগষ্ট,২০১৯, পৃ.৪) 
        " হে অৰণ্য হে মহানগৰ '(১৯৫১) ৰ মাজেদি নৱকান্ত বৰুৱাই যি  নগৰ- চেতনা অসমীয়া কবিতাত সূচনা কৰিছে, সি অসমীয়া কবিতাৰ চিনাকি সুঁতিৰ সোত সলাই পেলাইছিল। এই নগৰকেন্দ্ৰিক আধুনিকতাৰ অভিব্যক্তি জয়ন্তী থুলৰ অমূল্য বৰুৱা, ভবানন্দ দত্ত আদি অগ্ৰজ কবিসকলৰ ৰচনাত যদিওবা দেখা যায়, শ্ৰেণী চেতনাৰ মাজেৰে অহা সেই অভিব্যক্তিৰ মাজত ব্যক্তিমনৰ খবৰ নাছিল। নৱকান্ত বৰুৱাৰ কবিতাত প্ৰথমবাৰলৈ অনুৰণিত হ'ল এই ব্যক্তিমনৰ খবৰ। 
        নৱকান্ত বৰুৱাৰ এই নাগৰিক চেতনাৰ উৎস আছিল কলিকতা মহানগৰ। ভয়, বিচ্ছিন্নতাবোধৰ দ্যোতক ৰূপত মহানগৰ এক ৰূপক হৈ কবিৰ কবিতাত প্ৰকাশিত হৈছে - 
        " জীৱন জীয়াই থাকে। তথাপি জীয়াই থাকে 
         আৰু থাকে জীৱিকাৰ গলিৰ সাৰৰ
          অমৃতৰ পুত্ৰ 
          মৃত্যুস্নাতা হে মহানগৰ"
                            ( হে অৰণ্য হে মহানগৰ)
    এই দ্যোতনা বুদ্ধদেৱ বসুৰ কলিকতাৰ পৌৰ বাস্তৱতা কেন্দ্ৰিক বাংলা কবিতাৰ মাজতো শুনা যায়। কিন্তু স্বপ্ন, মৃত্যু আৰু বঞ্চনাৰ মহানগৰৰ আজিও সলনি হোৱা নাই। ভয় আৰু আশ্বাস, বিচ্ছিন্নতাবোধ আৰু আসক্তি আদিৰ জটিল আৱৰ্তত মহানাগৰিক জীৱন বন্দী। নৱকান্ত বৰুৱাৰ " হে অৰণ্য হে মহানগৰ" আজিও সমসাময়িক সেইবাবেই -
       " পথ আৰু উপপথ গলি আৰু এভিনিউ 
          বোবা যন্ত্ৰণাত অন্ধকাৰ 
          পিছলৈ মৃত্যুৰ সাপ ভৰিৰ তলেদি যায়।
                            ( পোহৰ পোহৰ ক'ত) 
         " টেটু চেপা ট্ৰেফিকৰ দূৰৰ স্পন্দনে 
          ভয় আৰু আশ্বাসৰ জটিল উৎকণ্ঠা আনে;
                     (অৰণ্যত চকু জ্বলে বাঘ আৰু মেটেকাৰ)
     নৱকান্ত বৰুৱাৰ সুদীৰ্ঘ কাব্যিক পৰিক্ৰমাত জান্তৱ জগত আৰু পৌৰাণিক চৰিত্ৰৰ অনুষংগ বাৰে বাৰে আহিছে আধুনিক জীৱনৰ ৰূপক হৈ। তেওঁৰ কবিতাত মহানগৰ এটা বিশাল মেটাফৰ। এই মহানগৰৰ বিশাল চৰিত্ৰ পুজিবাদী সভ্যতা। যথা- 
       " কাৰ্ফুৰ সময় হ'ল 
       সূৰ্যস্নাতা নগৰীৰ আচলৰ শেষ ৰশ্মিকণা
       শুহি ল'লে ৰাতিৰ আকাশে 
        নিস্তদ্ধ মৰণ নামে। নগৰীৰ ধমনীত কৰোঁ অনুভৱ 
        কাজিৰঙা ডেকাৰ আৰণ্যক অপস্মাৰ 
        সৰীসৃপ - ক্ৰুৰ মৃত্যু... সৰ্পিল জীৱন। " 
                     ( হে অৰণ্য হে মহানগৰ) 
    " এন্ধাৰ ৰাতিৰ ইলিজি" ত ভিৰৰ মাজত হেৰাই যাব খোজা নাগৰিকৰ ভয়ৰ ৰূপায়ণ হৈছে। ( এজৰাপাউণ্ডৰ "In a station of Metro" তো এনে চিত্ৰায়ণ লক্ষ্যণীয়) যথা- 
         " এদিন হেৰাব জোন জোনৰ বাহিৰ স'তে 
           নীল নদী সময়ৰ চুমাত শুকাব 
            তথাপি বই যাব 
              অন্তহীন ক্লান্তিহীন এখনি আকাশ 
                           ( আমাৰ ‌আকাশ?)
                              ( সন্ধ্যাৰ ৰেপচ'দি)
      নৱকান্ত বৰুৱাৰ কবিতাত নিসংগতাবোধ নাগৰিকৰ জীৱনৰ দ্যোতক। সংশয়, সন্দেহ, নৈৰাশ্য আৰু নিৰাশাৰ সোত নৱকান্ত বৰুৱাৰ প্ৰথম পৰ্যায়ৰ ভালেখিনি কবিতাত অতি বেছি প্ৰবল। কিন্তু পঞ্চাশৰ দশকৰ ভাৰতবৰ্ষৰ পটভূমিত অন্ততঃ এলিয়টৰ সেই মহানাগৰিক যন্ত্ৰণা মানি ল'বলৈ কষ্টকৰ। হীৰেন গোহাঁয়ে এই সন্দৰ্ভত লিখিছে -
          " ভাৰতৰ স্বাধীনতা সংগ্ৰামে জনসাধাৰণৰ মনত পুনৰুদ্ধাৰৰ যি আশাৰ সঞ্চাৰ কৰিছিল, ধনতন্ত্ৰৰ পতনৰ যুগত সেই সংগ্ৰামৰ নেতা বুৰ্জোৱা শ্ৰেণীয়ে আশা পূৰণ কৰিব নোৱাৰিলে। বুৰ্জোৱা বিশ্বাসঘাটকতাৰ প্ৰকৃত স্বৰূপ কবিৰ অজ্ঞাত। কিন্তু যি অসাফল্যৰ বেদনা আৰু অপ্ৰাপ্তিৰ হুমুনিয়াহে স্বপ্নজগতৰ যি তুহিন বতাহে তেওঁৰ কবিতাৰ মাজত হাহাকাৰ কৰি ফুৰিছে, সি কেৱল ব্যক্তিগত জীৱনৰ দুখ নহয়। তাৰ মাজেদি প্ৰকৃততে প্ৰকাশ পাইছে এক বঞ্চিত  জেনাৰেশ্যনৰ আত্ম- আৱিষ্কাৰ।" 
       "প্ৰাণ গংগাৰ বন্দৰ" ত পুজিবাদী সভ্যতাৰ নিষ্ঠুৰতাৰ চিত্ৰ স্বৰূপ খিদিতপুৰৰ ডকক যি ব্ৰজাহত অভিমান আৰু আক্ষেপৰ নৈ গাবলৈ কৈছে, তাৰ ইতিহাসত আছে শত বঞ্চিত নাৱিক, শ্ৰমিকৰ ঘাম আৰু মৰণৰ নিষ্ফল অধ্যায় - 
               " ... হাতত এবোজা প্ৰাচীৰপত্ৰ, যায় আগুৱাই 
                  তেওঁৰ নম্বৰ গেচৰ সেই - হামিড 
                   তাৰতো ভীষণ জিদ! 

                   তাৰ হাড়ো শুলে... মাটি হৈ শুলে 
                    শুই থকা, শুই থকা
                    সাক্ষী ৰ'ল এই খিদিৰপুৰ ডক! 
                                      (প্ৰাণ গংগাৰ বন্দৰ) 
       "ক্ৰমশঃ "তো এই আক্ষেপ আৰু খেলেই তুমৰলি তুলিছে - 
          " কমলা কুঁৱৰী বুৰি গ'ল 
            কমলা কুঁৱৰী বুৰি গ'ল আৰু 
             ইতিহাস জুৰি পৰি ৰ'ল মাথোঁ 
             শুকান হাড়ৰ 
              সিজু কাইটৰ দেশ 
              মৰা পৃথিৱীৰ দেহ ।
    কবিয়ে নিজে মহানগৰৰ নিপীড়িতজনৰ ছবি ফুটাই তুলিছে যদিও তেওঁলোকৰ সংগ্ৰামৰ লগত প্ৰত্যক্ষভাৱে জড়িত কৰা নাই:-
      " নিস্তব্ধ মৰণ নামে। নগৰীৰ ধমনীত কৰোঁ অনুভৱ 
         কাজিৰঙা  ডেকাৰ আৰণ্যক অপস্মাৰ 
          সৰাসৃপ ক্ৰুৰ মৃত্যু... সৰ্পিল জীৱন,
          পলাতক দৈনন্দিন নিয়ন উজ্বল গধূলিৰ 
          ৰঙা নীলা শেতা  মুখ 
           হেনা মধুবালা আৰু  অলকানন্দাৰ " 
      নৱকান্ত বৰুৱাৰ"স্বপ্নাৰম্ভ", "পঞ্চম অংগ"," স্বপ্নসম্ভৱ" আদিত অস্তিত্ববাদী জীৱন দৰ্শনৰ উপলব্ধি উল্লেখযোগ্য। জৈৱ অস্তিত্বৰ সীমাবদ্ধতা প্ৰকাশিত হৈছে স্বপ্নসম্ভৱত :- 
       " মোৰ কথা শুনা 
          এই যে পৃথিৱী আমাৰে যদিও সৃষ্টি 
                   কৰাৰ শক্তি আমাৰ নাই।" 
    নিজৰ অস্তিত্ব সম্পৰ্কে সন্দেহেৰে কবিৰ অস্তিত্ববাদী চেতনা মূৰ্ত হৈছে। নিসংগতা একক সত্ত্বাৰ উপলব্ধি কৰা যায় - 
         তোমাৰোতো আছে এটি বাট জটিল তৰ্কৰ দৰে 
         সেই বাটে গুচি যোৱা ভিৰ নকৰিবা । 
                                                     (স্বপ্নাৰম্ভ) 
 "  এটি  দুটি এঘাৰটি তৰা' ৰ অন্তগৰ্ত " এন্ধাৰ ৰাতিৰ ইলিজি"ত অতীতৰ প্ৰবাহিত নিসংগতা মানুহৰ সোঁত মূৰ্ত হৈছে:- 
      "  ইয়াত মানুহ নাই 
         অকলে অকলে মই এন্ধাৰ বাটত 
         নিজকে নেপাওঁ দেখা 
        মই কোন অতীতৰ অশৰীৰী অনুভূতি স্বপ্নৰে উতলা
 প্ৰসংগক্ৰমে স্তৱকটোত টি .এছ. এলিয়টৰ "The love song of J. Alfred prifrock " ৰ অনুৰণন শুনা যায়। 
          বিফল বৰ্তমানৰ সমস্ত নৈৰাশ্য আৰু যন্ত্ৰণাৰ পৰা মুক্ত হ'বলৈ সময়ে সময়ে কবিয়ে অতীতৰ মোহময় গ্ৰাম্য পৰিৱেশৰ মাজলৈ উলটি যাবলৈ তৎপৰ হৈছে - 
   " এয়েই চিনাকী গাওঁ, কুঁৱলিৰ কাগজত                        জাপানী  ছবিৰ মায়া  বিজুলী  বাঁহৰ !        
      বহুতো অতীত সনা পথাৰৰ বাটে বাটে 
    উশাহ উপচি পৰা চিনাকি সৌৰভ 
   ৰবাব  ফুলৰ আৰু তোমাৰ চুলিৰ আৰু সেমেকা নৰাৰ 
                                             (উভতি অহাৰ কবিতা) 
           ধূলি- বালিৰ পৃথিৱীৰ প্ৰতি কবি অনুৰক্ত, কিন্তু তাৰ অৱক্ষয়ৰ বাবেও কবি চিন্তিত:- 
         "নদীক নিজৰা কৰি, জুৰিক শিলনি কৰি  
           বালিৰ দ'লেৰে গঢ়ে গছ-লতা ফুলৰ সমাধি, 
            ছয়াময়া দিয়া এটি বালিয়ে বালিয়ে উৰি
            পানীৰ কাৰণে ঘূৰি 
             ক'ৰবাত বাট হেৰুৱাই।
                               (ইয়াত নদী আছিল) 
    ইয়াৰ লগত টি. এছ. এলিয়টৰ" The waste land "ৰ And the dead tree gives no shelter, the circket no relief and the dry stone no sound of water. Only there is shadow under this red rocks ৰ তুলনা কৰিব পাৰি। 
          নৱকান্ত বৰুৱাৰ কবিতাত"মৃত্যু চেতনা " প্ৰসংগত ভবেন বৰুৱাই কৈছে -
     " নৱকান্ত বৰুৱাৰ সেই চল্লিশৰ দশকৰ প্ৰাক -এলিয়টী পৰ্বৰ বহু কবিতাতে এই বিশেষ বিষয়টো লক্ষ্য কৰিব পাৰি। তেওঁৰ কবিতাৰ কেন্দ্ৰতে আছিল প্ৰত্যক্ষভাৱেই এই মৃত্যু -চেতনা । এনে পৰিব্যাপী মৃত্যু-চেতনাই নৱকান্ত বৰুৱাৰ কবিতাক আধুনিক অসমীয়া কবিতাত এটা বিশেষ আৰু ব্যতিক্ৰমী সুৰ দিছিল।"
    নৱকান্ত বৰুৱাই "সন্ধ্যাৰ ৰেপচ'দি 'ত কোৱা -
             "মৰা জোন উঠি আহে কবৰৰ পৰা " 
  "এন্ধাৰ ৰাতিৰ ইলিজি "ত - 
            "মৰি যোৱা শতাব্দীৰ দেহ 
              উঠি আহে কবৰৰ পৰা " 
  আকৌ, নৱকান্ত বৰুৱাৰ পৰিব্যাপী মৃত্যু-চেতনাই চল্লিশৰ দশকৰ মাজেদি পঞ্চাশৰ দশকৰ ঠিক আৰম্ভণিতে ওলোৱা 'হে অৰণ্য হে মহানগৰ ' কবিতা সংকলন খনৰ কেন্দ্ৰীয় শক্তি হৈ উপস্থিত হৈছে- 
        " দুপৰৰ এই মৃত্যু -নীৰৱতা বীভৎস 
           মৰা চহৰৰ ভঙা বন্দৰ 
           প্ৰাণ গংগাৰ জোৱাৰ এদিন উটুৱাই লৈ যক...
           এই অভিশাপ কিয় দিছা জীৰথ?" 
   এইখিনিতে ভৱেন বৰুৱাৰ আন এটা মন্তব্য প্ৰণিধানযোগ্য - 
        " অসমীয়া কবিতাৰ বহুত নতুন কবিয়ে বিপ্লৱৰ সপোন আৰু জীৱনবিমুখিতাৰে কথা কৈছিল, নৱকান্ত বৰুৱাই কৈছিল ঘাইকৈ মৃত্যুৰেই কথা, যেতিয়া বহুতেই 'ৰাজনৈতিক- অৰ্থনৈতিক ' পথৰ সমস্যাবোৰক আচল সত্য বুলি ইংগিত দিছিল। মাৰ্ক্সবাদী সকলৰ বা প্ৰতিবাদী সকলৰ সম্পূৰ্ণ বিপৰীত পথ আছিল এয়া।" 
       আশীৰ দশকত প্ৰকাশিত নৱকান্তৰ 'ৰত্নাকৰ' কাব্যগ্ৰন্থখনত "দ্বৈপায়ন" শীৰ্ষক কবিতাটোৰ এটা ঘাই প্ৰতীক হ'ল 'দলং'। নৱকান্তৰ কবিতাৰ অনুগামী পাঠক সকলে জানে যে 'দলং' ৰ কথা তেওঁৰ শেহতীয়া কবিতাবোৰত বাৰম্বাৰ উল্লেখ আছে। এই দলং এজন ব্যক্তিৰ আৰু সমাজখনৰ সৈতে সুগম সংযোগ স্থাপন কৰিবলৈ বিচৰা সহজাত মনোভাৱৰ প্ৰতীক। আলোচ্য কবিতাটোত অৱশ্যে এই দলং যে বিধ্বস্ত সেই ঘটনাটো কবিয়ে বেদনাৰে সৈতে ব্যক্ত কৰিছে। (গৰীয়সী , পৃ.২০, দশম বছৰ তৃতীয় সংখ্যা, ডিচেম্বৰ, ২০০২, সম্পাদক চন্দ্ৰপ্ৰসাদ শইকীয়া) । 



       





                    


                                       
     

Comments

Popular posts from this blog

বিষ্ণুপ্ৰসাদ ৰাভাৰ সাহিত্যত সমাজ - চেতনা

বিধৱা কিয় ৰং বিবৰ্জিতা!