অজিৎ বৰুৱাৰ কবিতা : এক প্ৰস্তাৱনা
অজিৎ বৰুৱা এজন অসমীয়া সাহিত্যিক, প্ৰশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্ৰামী। তেওঁ একাধাৰে কবি , গীতিকাৰ, ঔপন্যাসিক , সমালোচক অনুবাদক, ৰম্য ৰচনাকাৰ আদি হিচাপে তেওঁ অসমীয়া সাহিত্যলৈ অৰিহণা যোগাইছিল। তেওঁক "জেংৰাই কবি" বুলি জনা যায়। কবি কুশল দত্তৰ মতে " অধ্যয়নৰ ব্যাপ্তি, বোধৰ সামুদায়িক দৃষ্টি, জগত আৰু জীৱনক বুজি উঠা আৰু তাক অতি ওখ খাপৰ শিল্পীৰূপে স্থাপত্যসিদ্ধ কৰি তোলাৰ সাধনাই অজিৎ বৰুৱাৰ সৃষ্টিক একক আৰু অনন্য ৰূপে অসমীয়া তথা ভাৰতীয় সাহিত্যত সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে।
" কিছুমান পদ্য আৰু গান " (১৯৮২) আৰু "ব্ৰক্ষ্মপুত্ৰ ইত্যাদি পদ্য"(১৯৮৯) এই দুখন কাব্যগ্ৰন্থৰ জৰিয়তে বিষয় আৰু আংগিক ক্ষেত্ৰত অভূতপূৰ্ব সিদ্ধি লাভ কৰা অজিৎ বৰুৱাক আধুনিক অসমীয়া কবিতাৰ ইতিহাসৰ বিৰল প্ৰতিভা আখ্যা দিব পাৰি। অজিৎ বৰুৱাৰ কবিতাৰ বৈচিত্ৰ্য চমকপ্ৰদ।
স্বত: স্ফূৰ্ত আত্মপ্ৰকাশৰ ৰোমান্টিক ধাৰণাক বিৰোধ কৰা অজিৎ বৰুৱাৰ কবিতাত কিন্তু ৰোমান্টিক দুখ, বিষাদ, বিৰহ, সোঁৱৰণিৰ পীড়া, ভয়, আতংক, প্ৰেম প্ৰতাৰণা, একাকিত্ব, প্ৰকৃতি, মৃত্যু বা অপমৃত্যু আৰু ৰোমান্টিক কবিতাৰ নিৰ্দয়া সুন্দৰীৰ নতুন ৰূপকল্পই ভূমিকা ব্যহত কৰিছে। যথা-
"আজিয়েই কিজানি আকৌ দেখো
মোৰ পূৰ্বজনমৰ প্ৰথমা প্ৰিয়াই
হঠাৎ চছমা খোলাক্ ।"
দৈহিক ৰূপৰ সজীৱ কল্পনাৰ পৰা আঁতৰি প্ৰেমৰ বিচিত্ৰ ৰোমাঞ্চকৰ, হতাশা ভৰা চিৰন্তন মুহূৰ্তকো কবিতাত প্ৰকাশ কৰিছে -
"কোনোবাই হয় বুলি মূৰ দুপিয়ায়
জীৱনৰ দৰে গধুৰ হতাশা লৈ
কোনো কোনো গুচি যায়
ওচৰতে বহু দূৰলৈ।"
আনহাতে, "তাজমহল", "তীখা", "হাতুৰী" আদি কবিতাত প্ৰগতিশীল ভাবচেতনাই ভুমুকি মাৰিছে, যেন -
"যুগে যুগে বঞ্চিত দুই হাত
তাৰ নতুন যুগৰ সৃষ্টি প্ৰয়াস
মহা যুগান্তৰ নে
(হাতুৰী)
অৱশ্যে কবিয়ে স্বীকাৰ কৰিছে যে, ৰোমান্টিক কল্পনাৰ দৰে প্ৰগতিশীল ধাৰণায়ো কাব্যৰ বিষয়বস্তু সীমাবদ্ধ কৰিছে। সেয়েহে পৰৱৰ্তী সময়ৰ কবিতাবোৰত এক বিৰাট পৰ্বান্তৰ লক্ষ্য কৰা যায়।
অজিৎ বৰুৱাৰ সাংঘাতিক ধৰণেৰে নিৰ্মাণ সচেতনতা লক্ষ্য কৰা যায়। অজিৎ বৰুৱাই কবিতাত স্বত: স্ফূৰ্ত আবেগৰ বহি: প্ৰকাশ ঘটোৱা নাই। তেখেতৰ" মন কুঁৱলী সময়" স্থাপতিক আটিলতাৰে এটা বিস্ময়কৰ কবিতা। এই প্ৰসংগত প্ৰভাত বৰাই কৈছে -
" কবিতাটোৰ প্ৰতিটো নাৰীয়েই আমাক পকনীয়াৰ দৰে কবিতাটোৰ অতল গৰ্ভলৈ টানি লৈ যায়। পঢ়ি উচিত অনুভৱ হয়, "মই পানীৰ তলত খোজ কাঢ়িছিলো । কবিতাটোৰ যিকোনো ব্যাখ্যাই আমাক যেন কবিতাটোৰ বাহিৰলৈ লৈ যায় আৰু যেন কৈ যায় - "a developed ' analysis of its meaning will always terd towards prose ।"
প্ৰাত্যহিকতামুখী ভাষা- ভংগী: "যেনে খুচি নাম দিয়া" , ' ভিজা আন্ধাৰৰ ঘৰ জনাবোৰে ', " অনাই ৰখা"," কাণত অলপ অসুবিধা দিয়া ' ভেঙুচে ' পৰোক্ষ সূচনা থকা যেনে', ছেক্সপীয়েৰৰ ' জীৱনকালৰ কোৱা (Life is time's fool),' চকু যি হ'ল মুকুতা আজি ' নতুনকৈ সাজি লোৱা বিধৰ শব্দ: সোতাল ( সোণ+আল), ইংৰাজী মেটাফিজিকেল কবিতাত থকাৰ দৰে " বানছিট' বা পকোৱা বুদ্ধিমুখী কথা:' দীঘল চকুলো '( বাহ এডালৰ দৰে দীঘল), ' কঠিন ঘাম ' (কঠোৰ আৰু Soild তাৎপৰ্যৰ পৰিশ্ৰম); হপকিন্সৰ কবিতাত থকা বিধৰ অভ্যন্তৰীণ মিলৰ তৰংগ বিশিষ্ট ছন্দ : 'গুজৰি সুহুৰি মাৰিলে সোণালী বাঘে ', 'আকাশী কাঠৰ' নাৱৰ পৰা খেলেৰে দেখো আৰু সেই চকু'- এই বিভিন্নধৰণৰ প্ৰসংগই নিৰ্মাণ বৈচিত্ৰ্যৰ ইংগিত দিয়ে।
আনহাতে, 'মন কুঁৱলী সময়" কবিতাটোৰ 'আৰু সংক্ষেপে ", 'নীৰৱ' , 'অকলে', 'পথাৰ পথাৰ ' আদি শব্দবোৰ প্ৰতিটোৱেই কাব্যিক আৰু শিহৰণ কৰি আছে। এনে প্ৰসংগবোৰে অজিৎ বৰুৱাৰ কবিতাত নিৰ্মাণ সচেতনতাৰ আভাস দিয়ে।
ৰঞ্জিত কুমাৰ দেৱগোস্বামীয়ে তেওঁৰ কবিতাত পাশ্চাত্য সন্দৰ্ভত দুটা দিশ নিৰ্দেশ কৰিছে -
(ক) হপকিন্সৰ সাধনাৰ সেই দৃশ্য বা অনুভৱ অনন্যতা প্ৰকাশৰ উপযোগী এক ভাষাৰ সন্ধান , আৰু
(ক) আধুনিক ইঙ্গ- মাৰ্কিন কবিতা আৰু কাব্য ভাৱনাই গুৰুত্ব দিয়া ক্ৰীড়াশীলতা ।
হপকিন্সে কবিতাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা "Inscape" আৰু "Instress"ৰ অনুষংগ অজিৎ বৰুৱাই কবিতাৰ ভাষাৰ নিৰ্মাণত প্ৰয়োগ কৰিছে। পকনীয়া এটাৰ অনন্যতাক কবিয়ে মূৰ্ত কৰিছে -"গুজৰি সুহুৰি মাৰিলে সোতাল বাঘে" এই স্মৰণীয় বাক্যটিৰে ।
আনহাতে, ক্ৰীড়াৰ ইঙ্গ- মাৰ্কিন আধুনিক কবিতাত পোনতে জন কবিতাত আহিছিল বুলি কোৱা হয়। এনে প্ৰয়োগ অজিৎ বৰুৱাৰ অধিকাংশ কবিতাৰে বৈশিষ্ট্য। ভাষাৰ উজনি - নামনিৰ খেলা-
"ভিজা আন্ধাৰৰ ঘৰ জানাবোৰ অলপ মাথোন অনাই ৰ'বা " । নৱবৈষ্ণৱ যুগৰ ভাষাৰ অনুকৰণ -" ভাতৃ অনিল ছবিহে ক্ষণত হৈবা কৰুণাময় " এনে অনুকৰণে বৈষ্ণৱ যুগৰ ভাষাৰ আৰ্হিত কবিতাৰ আংগিক নিৰ্মাণৰ আভাস দাঙি ধৰে।
অজিৎ বৰুৱাৰ কেইবাটাও কবিতাত কেন্দ্ৰবিন্দুত Metaphysical Concept হিচাপে সময়ৰ স্থিতি তাৎপৰ্যপূৰ্ণ। " মন কুঁৱলী সময়" কবিতাটোত " সময় বন্ধ হৈ যায় (?)" শাৰীটো নৃতত্ববিদ Evans Pritchard ৰ "The Nuer" শীৰ্ষক গ্ৰন্থখনত এটা প্ৰসংগলৈ লৈ যায় । নৃয়েৰ নামৰ জনজাতীয় মানুহখিনিৰ জীৱনচৰ্যাত সময়ৰ reality ৰ ধাৰণাটো সম্পূৰ্ণ অনুপস্থিত। থকা- নথকাৰ দ্বন্দ্ব - বিক্ষুব্ধ বিন্যাসত 'সময় বন্ধ হৈ যায় (?)" - প্ৰশ্নবোধক চিহ্নটোৱেও ইয়াক তীব্ৰ কৰিছে।
প্ৰভাত বৰাই " নীল আকাশৰ পৰা অনিৰ্বাচিত হৈ থকা ভৰ দুপৰত পথাৰৰ নিৰ্জনতাৰ বৰ্ণনা ' প্ৰকাশক এটি ফৰাচী কবিতাৰ স্তৱকৰ উদাহৰণ দি কৈছে যে -
" এই নীৰৱ গধূলি ' টোকা সময়ৰ 'referance point" হিচাপে নধৰিলে Lisle ৰ ভৰদুপৰ'টোৰ লগত অজিৎ বৰুৱাৰ ' নীৰৱ গধূলি ' এক হৈ যায়। "
অসমক সোঁৱৰাৰ দৰে ভালপোৱা অজিৎ বৰুৱাৰ কবিতাত ব'দলেৰ কবিতাত থকাৰ দৰে 'Mechanical Metaphor' ৰ ভিৰ নাই। উদ্ভিদ জাতৰ প্ৰতি ব'দলেৰ আতংকৰ বিপৰীতে অজিৎ বৰুৱাৰ আসক্তিও লক্ষ্য কৰিবলগীয়া। তেখেতৰ তৃতীয়খন পদ্য সংকলন ' আৰু কিছুমান পদ্য আৰু গান ' ত সন্নিৱিষ্ট কেইবাটাও কবিতা ফুল কেন্দ্ৰিক । এই কবিতাবোৰ ফৰাচী কবিতাৰ শেহতীয়া ধাৰাৰ অন্যতম বৈশিষ্ট্য লিৰিকেল আৱেশেৰে বিশিষ্ট।
প্ৰভাত বৰাৰ মতে - "অজিৎ বৰুৱাৰ কেৱল কবিতাকে নহয়, তেখেতৰ মানসিকতাকো ফৰাচী সাহিত্যৰ অধ্যয়নে গভীৰভাৱে প্ৰভাৱিত কৰিছে। আনকি তেখেতৰ কুন্তকৰ প্ৰতি আসক্তিও ব'দলেৰৰ ৰচনাৰাজিৰ অধ্যয়নৰ পৰাই অহা যেন লাগে। "
অজিৎ বৰুৱাই এলিয়টীয় বিষন্নতা আৰু নিসংগতাকে নতুন ধৰণে বিন্যাস কৰিছিল। এলিয়টৰ মহানগৰৰ জীৱনৰ পৰা উৎসাৰিত নিসংগতাবোধৰ বিপৰীতে অজিৎ বৰুৱাৰ বিচ্ছিন্নতাবোধৰ উৎস গ্ৰামীণ পৰিৱেশ:-
"আৰু সংক্ষেপে
সেই নীৰৱ গধূলি পথাৰৰ মাজত অকলে থিয় হোৱা
চাৰিওফালে পথাৰ, পথাৰ
বুকুত খামোচ
দূৰৈৰ গাঁৱৰ পৰা
গুণগুণকৈ ধোঁৱা
উৰিছিল।"
(মন কুঁৱলী সময়)
অসমীয়া কবিতাত ইতিমধ্যে লয়যুক্ত গদ্যৰ প্ৰচলন আছিল ব্যাপক। অজিৎ বৰুৱাই প্ৰথমবাৰৰ বাবে তাক অতিক্ৰম কৰে। উদাহৰণস্বৰূপে নৱকান্ত বৰুৱাৰ কবিতাত এটা উদ্ধৃতি দিয়া হ'ল -
"এটি দুটি এঘাৰটি তৰা
মৰা জোন উঠি আহে কবৰৰ পৰা"
অজিৎ বৰুৱাৰ কবিতাত গাঁৱৰ ঘৰৰ উল্লেখ, যথা-
ৰাতিতে উঠি পালোঁ যে কুসুম
মালতী তেল নাকফুল আৰু ঘামৰ
গোন্ধ আমাৰ এই ভঠেলি
দিয়া খলাত।
(আজি আকৌ মেজাংকৰীৰ)
অজিৎ বৰুৱাৰ কবিতাত পৰোক্ষ উল্লেখৰ বৈচিত্ৰ্যপূৰ্ণ প্ৰয়োগ লক্ষ্য কৰা যায়। ' জেংৰাই '(১৯৬৩) কবিতাটো পৰোক্ষ উল্লেখেৰে উপচি আছে। প্ৰসংগক্ৰমে এলিয়টেও তেওঁৰ কাব্যক ঘনত্ব প্ৰদান কৰিবৰ বাবে ইয়াৰ প্ৰয়োগ কৰিছিল, কবিতাটোত আছে - "ভাতৃ অনিল ছবিহে ক্ষণত হৈবা কৰুণাময়" ।
"কিনো জুয়ে লগা চকু" - এই প্ৰসংগ আহিছে ' মিৰি জীয়ৰী ' উপন্যাসৰ বিহুগীত এফাঁকিৰ পৰা:-
"চাপৰি চাপৰি মই তোবো বাবৰি
আৰাম বিৰিকৰে কৰি,
যাকে চাই পুৰো থাকে যে নেদেখো
কিনো জুয়ে লগা চকু"
তেনেদৰে জীৱন -মৰণৰ দ্বন্দ্বত উপলব্ধ দাৰ্শনিকতা মূৰ্ত হৈছে বিহুগীতৰ পৰোক্ষ উল্লেখেৰে -
"ভাবি চালে লিলিমাই এই জীৱনত একো নাই"
কবিতাত বেলেগ বেলেগ কথকৰ উপস্থিতি- অজিৎ বৰুৱাৰ কবিতাত লক্ষ্যণীয়। "ব্ৰহ্মপুত্ৰ" কবিতাটোত চাৰি প্ৰকাৰৰ কথক আছে:- প্ৰথম লেখক, দ্বিতীয় অদৃশ্য বৰ্ণনাকাৰী, তৃতীয় ব্ৰক্ষ্মপুত্ৰ, চতুৰ্থ কোনো চৰিত্ৰ, যেনে - লামা । এই কবিতাটোত অজিৎ বৰুৱাই ঈশ্বৰ সম্পৰ্কে প্ৰশ্ন কৰিছে, যথা-
" ঈশ্বৰৰ চিহ্ন কিয় মৃত্যু? যীশুৰ, জেকব টমাছৰ
ঈশ্বৰৰ চিহ্ন কিয় পৰিপূৰ্ণ জীৱন নহয়?
ভাত... কাপোৰ... পিয়াহৰ পানী
মূৰৰ ওপৰফালে এখনি খেৰৰ চাল ?"
অজিৎ বৰুৱাৰ কবিতাৰ সংখ্যা কম, কিন্তু মননশীলতা বিভিন্ন মানসিক স্তৰৰ যুগপৎ ইংগিত আৰু প্ৰকাশবোধৰ বাবে আধুনিক অসমীয়া কবিতাত তেওঁৰ স্থান অনন্য। এজন আধুনিকতাবাদী কবি হিচাপে শক্তিশালীভাৱে নিজেই নিজক প্ৰতিষ্ঠা কৰি থৈ যোৱা অজিৎ বৰুৱা কেৱল এজন আধুনিকতাবাদী কবিয়েই নহয়, বৰং অনাগত সময়ত অসমীয়া কবিতাৰ "ক্লাছিক ধাৰা"টোকা প্ৰতিনিধিত্ব কৰিব পৰা এটা পৰশ -পাথৰ ।
Comments
Post a Comment